Skip to content

বিত্তীয় জ্ঞানৰ আৱশ্যকতা

সকলোলৈকে মই প্ৰণাম জনাইছো ৷

আমি সমগ্ৰ অসমীয়া জাতিয়ে আমাৰ হিয়াৰ আমঠু জনকন্ঠ জুবিন গাৰ্গক হেৰুৱাই মৰ্মাহত হৈছো৷ বহুত কথা ওলাই আছে৷ CID/SIT ৰ অনুসন্ধান আৰম্ভ হৈছে ৷ সময়ত কিবা এটা ভাল কাম হ’ব বুলি আশা কৰিব পাৰি৷

ফাইনান্ছ প্ৰফেচনেল হিচাপে মোৰ মনত সৃষ্টি হোৱা উদ্দেগৰ কাৰণটো হ’ল — সাধাৰণ পৰ্য্যায়ৰ হ’লেও কিছু বিত্তীয় জ্ঞান থকা হ’লে জুবিনৰ কষ্টোপাৰ্জিত ধন বনিয়া কেইটাই খাব নোৱাৰিলেহেতেন৷ পৰিয়ালৰ নিকট আত্মীয় কোনোবাই এই কামৰ তদাৰক কৰিবলৈ জানিব লাগিছিল৷ সন্দেহ কৰামতে বিত্তীয় লাভৰ স্বাৰ্থতে জুবিনক এইদৰে অকালতে আতঁৰাই পঠোৱা হ’ল৷

টকা-পইচা সংক্ৰান্তত অনাকাংশিত দূৰ্ঘটনা যিকোনো মানুহৰ ক্ষেত্ৰতে ঘটিব পাৰে৷ এনে দূৰ্ঘটনাৰ পৰা বাচিবলৈ কিছু বিত্তীয় জ্ঞান আহৰণ কৰক৷ অভাৱ-অনাটনৰ পৰা পৰিত্ৰাণ পাবলৈ বিত্তীয় জ্ঞানৰ আৱশ্যক৷ এনে জ্ঞান আহৰণ কৰাটো মুঠেই দূৰূহ নহয়৷ যত্ন. একাগ্ৰতা আৰু ইচ্ছা থাকিলে সহজেই সকলো কথা আয়ত্ব কৰিব পাৰি৷

Leave a Reply

Your email address will not be published. Required fields are marked *