সকললৈকে মই প্ৰণাম জনাইছো।

আমি সমগ্ৰ অসমীয়া জাতিয়ে আমাৰ হিয়াৰ আমঠু জনকন্ঠ জুবিন গাৰ্গক হেৰুৱাই মৰ্মাহত হৈছো। বহুত কথা ওলাই আছে। CID/SIT ৰ অনুসন্ধান আৰম্ভ হৈছে। সময়ত কিবা এটা ভাল কাম হ’ব বুলি আশা কৰিব পাৰি।

ফাইনান্ছ প্ৰফেচনেল হিচাপে মোৰ মনত সৃষ্টি হোৱা উদ্দেগৰ কাৰণটো হ’ল — সাধাৰণ পৰ্য্যায়ৰ হ’লেও কিছু বিত্তীয় জ্ঞান থকা হ’লে জুবিনৰ কষ্টোপাৰ্জিত ধন বনিয়া কেইটাই খাব নোৱাৰিলেহেতেন। পৰিয়ালৰ নিকট আত্মীয় কোনোবাই এই কামৰ তদাৰক কৰিবলৈ জানিব লাগিছিল। সন্দেহ কৰামতে বিত্তীয় লাভৰ স্বাৰ্থতে জুবিনক এইদৰে অকালতে আতঁৰাই পঠোৱা হ’ল।

টকা-পইচা সংক্ৰান্তত অনাকাংশিত দূৰ্ঘটনা যিকোনো মানুহৰ ক্ষেত্ৰতে ঘটিব পাৰে। এনে দূৰ্ঘটনাৰ পৰা বাচিবলৈ কিছু বিত্তীয় জ্ঞান আহৰণ কৰক। অভাৱ-অনাটনৰ পৰা পৰিত্ৰাণ পাবলৈ বিত্তীয় জ্ঞানৰ আৱশ্যক। এনে জ্ঞান আহৰণ কৰাটো মুঠেই দূৰূহ নহয়। যত্ন, একাগ্ৰতা আৰু ইচ্ছা থাকিলে সহজেই সকলো কথা আয়ত্ব কৰিব পাৰি।